ঝাৰখণ্ডত পিছপৰা শ্ৰেণীৰ বাবে বৃদ্ধি পালে সংৰক্ষণ


16/09/2022 15:05:39 PM   Moutushi         1928







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ঝাৰখণ্ড চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৃদ্ধি কৰিলে পিছপৰা আৰু অন্যান্ন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা । বৰ্তমানৰ পৰা ৭৭ শতাংশ আসন সংৰক্ষিত থাকিব পিছপৰা, অনুসূচীত জাতি আৰু আৰ্থিক ভাৱে দুৰ্বল লোকসকলৰ বাবে ।

মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ নেতৃত্ৱত হোৱা ৰাজ্যিক কেবিনেট বৈথকত লোৱা এই সিদ্ধান্তঅনুসৰি ১৪ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি পালে অন্যান্ন পিছপৰা শ্ৰেণীৰ বাবে থকাসংৰক্ষণ ।

ইয়াৰ উপৰিও, কেবিনেট বৈঠকে ১৯৩২ বৰ্ষৰ ভূমিৰ তথ্য ব্যৱহাৰ কৰিব খিলঞ্জীয়া লোকসকলক চিনাক্ত কৰিবলৈ বুলিও সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্ত ৰাজ্যখনৰ জনজাতীয় লোকসকলে ব্ৰিটিছ চৰকাৰে অন্তিমবাৰৰ বাবে ১৯৩২ চনত কৰা ভূমি জৰীপৰ তথ্য ব্যৱহাৰ কৰিবলৈ জনোৱা দাবীৰ ওপৰত ভিত্তি কৰি লোৱা হয় বুলি জানিবলৈ পৰা গৈছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :