19/09/2022 12:04:15 PM Moutushi 102
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ইণ্ডিয়ান অইলৰ চাৰ্ভোৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ মাজতেই দেশৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক জাক-জমকতাপূৰ্ণ অনুষ্ঠানত মটৰ বাইকৰ বাবে বিশেষ ভাৱে প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো ৪টি এক্সট্ৰা লুব্ৰিকেন্ট মুকলি কৰে | ইয়াৰ উপৰিও, অভিনেতাজনক চাৰ্ভো ৪টি এক্সট্ৰাৰ প্ৰচাৰৰ বাবেও সংগী হিচাপে বাচনি কৰা হয় |
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীযুত এছএম বৈদ্যই কয়, ‘"লাখ লাখ ভাৰতীয়ৰ হৃদয়ত চাৰ্ভোৰ বিশেষ স্থান আছে আৰু সেয়েহে, এই ঘৰুৱা-উৎপাদিত ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে জন আব্ৰাহাম স্বাভাৱিকতেই আমাৰ প্ৰথম পছন্দ আছিল। মই এইটো জনাবলৈ পাই সুখী যে বজাৰত উপলব্ধ এটি আগশাৰীৰ ব্ৰেণ্ড হিচাপে চাৰ্ভোৱে পৰিৱেশ অনুকূল আৰু বহনক্ষম লুব্ৰিকেটিং তেলেৰে বজাৰৰ পৰিৱৰ্তনশীলতাৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে, যিয়ে ভাৰতক এক সেউজ ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিছে।