ঢকুৱাখনাত মণ্ডল কংগ্ৰেছ সমিতিৰ কৰ্মী সভা


19/09/2022 12:29:38 PM   Moutushi         109







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ভাৰতীয় জাতিয় কংগ্ৰেছ দলৰ ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ অন্তৰ্গত ডাংধৰা মণ্ডল কংগ্ৰেছৰ এখন কৰ্মী সভা দেওবাৰে অনুষ্ঠিত হয় । একেল দীঘলী গাঁওৰ বালি পুখুৰী ৰংগ মঞ্চ প্ৰাংগণত দুপৰীয়া অনুষ্ঠিত কৰ্মী সভাত সভাপতিত্ব কৰে মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাজীৱ দলেয়ে ।

জনাকীৰ্ণ কৰ্মী সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দুৱৰা ,সদস্য বিজয় পেগু আৰু অন্যন্য বিষয় ববীয়া সকল উপস্থিত থাকি দলৰ সাংগঠনিক বুনিয়াদ শক্তিশালী কৰাৰ স্বাৰ্থত দলৰ তৃণমূল পৰ্যায়ৰ বিষয় ববীয়া ,কৰ্মী সকলৰ ভূমিকা, দলটো জনমুখী কৰাত নেতা কৰ্মী সকলে গ্ৰহণ কৰিব লগা জন দায়বদ্ধ কৰ্মসূচী সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :