ইতিহাস ৰচনা বজৰং পুনিয়াৰ


20/09/2022 13:58:36 PM   Moutushi         130







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ভাৰতীয় মল্লযুদ্ধৰ ইতিহাসত আটাইতকৈ সফল খেলুৱৈ সকলৰ অন্যতম বজৰং পুনিয়া । ইতিমধ্যেই কমনৱেল্থ আৰু এছিয়ান গেমছত সোণৰ আৰু অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াৰ বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰ্জন কৰাৰ পাছত পদকৰ সংখ্যা হয় গৈ ৪টা । বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাৰ অন্তিম দিনা অৰ্থাৎ ১৮ ছেপ্টেম্বৰত পুৰুষৰ ৬৫ কেজি শাখাত আঘাত প্ৰাপ্ত অৱস্থাতো ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় বজৰং পুনিয়াই ।

২৮ বৰ্ষীয় খেলুৱৈজনে কোৱাৰ্টাৰ ফাইনেলত পুৱেৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাৰ সৈতে হোৱা খেলখনত মুৰত আঘাত পোৱাৰ পাছত ছেমি ফাইনেলত মুৰত বেণ্ডেজ লগায়েই অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :