LMCHৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল


20/09/2022 14:00:55 PM   Moutushi         958







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল সম্বোধন। লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল সম্বোধন।

সংবাদমেলত মন্তব্য কৰে যে ‘এই প্রসংগৰ পৰা আঁতৰি থাকিব বিচাৰিছে অসম আৰক্ষী’। ‘নিযুক্তি প্রক্রিয়াত চূড়ান্ত বিসংগতি সংঘটিত হৈছে’। ‘অতি শীঘ্রেই ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে’। ‘দম্ভালি মাৰি থাকিলেই নহ’ব’।

আনহাতে, ‘অভিযোগৰ সত্যতা বিচাৰ কৰাৰ দায়িত্ব চৰকাৰ, আৰক্ষীৰ’। ‘ফলাফলক লৈ পৰীক্ষাৰ্থীৰ মাজত সন্দেহ ওপজাৰ বাবে দায়ী অধীক্ষকজন’। ‘অধীক্ষকগৰাকীক শীঘ্রে নিলম্বন কৰিব লাগে’। ‘আমি ১৬ ছেপ্টেম্বৰত লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিলোঁ’। ‘এই গোচৰৰ ভিত্তিত অভিযোগৰ তদন্ত হ’ব লাগে’ বুলি সংবাদমেলত দাবী জনায়।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :