২০ দিনৰ পিছত নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাৰ জামিন মঞ্জুৰ


20/09/2022 14:02:54 PM   Moutushi         104







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসঙ্গত সামাজিক মাধ্যমত মন্তব্য লিখি কাৰাবাস খাতিব লগা হোৱা বিপ্লৱ জ্যোতি ভূঞাৰ জামিন মঞ্জুৰ কৰিছে আদালতে ৷

নাট্যকাৰ, নাট পৰিচালক বিপ্লৱ জ্যোতি ভূঞাক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে ৩১ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল ৷ ননৈৰ নাট্যকাৰ ভূঞাক গ্ৰেপ্তাৰ কৰাৰ পিছত বিগত ২০ দিন কাৰাগাৰত থাকিব লগা হয় ৷

সোমবাৰে নগাঁৱৰ আদালতে ভূঞাৰ জামিন মঞ্জুৰ কৰে ৷ আদালতে জামিন মঞ্জুৰ কৰে যদিও সোমবাৰৰ দিনটোত বিপ্লৱ জ্যোতি ভূঞা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল ৷ মঙ্গলবাৰে বিয়লি ভাগত ভূঞা কাৰাগাৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই অহাৰ সম্ভৱনা আছে




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :