চিৰাঙৰ বিজনীত বনবিভাগ আৰু SSB ৰ যৌথ অভিযানঃ কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ


20/09/2022 14:16:24 PM   Moutushi         128







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত মাজৰাবাৰী গাঁৱত সোমবাৰ বিয়লিৰ ভাগত বনবিভাগ আৰু এছ এছ বিৰ ১৫ নং বেটেলিয়ানৰ এটা দলে যৌথ অভিযান ভাৱে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰে । প্ৰাপ্ত খবৰ অনুযায়ী মাজৰাবাৰী গাঁৱত একাংশ দুৰ্নীতিগ্ৰস্থ বনবিভাগৰ বিষয়া কৰ্মীৰ জ্ঞাতসাৰেই এখন অবৈধ কাঠফলা মিল চলাই আছিল আৰু উক্ত অবৈধ কাঠফলা মিলখনতেই বনাঞ্চল ধ্বংস কৰি অনা মূল্যবান গছ গছনি ফালি ৰমৰমীয়া চোৰাং কাঠৰ ব্যবসায় চলাই আছিলে ।

সোমবাৰে এছ এছ বি আৰু বনবিভাগৰ লোকে উক্ত অবৈধ কাঠ ফলা মিলত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডাখিনি জব্দ কৰে যদিও দুৰ্ভাগ্যজনক কথা যে, এছ এছ বি আৰু বনবিভাগৰ অভিযানৰ খবৰ আগতিয়াকৈ লাভ কৰি অবৈধ কাঠফলা মিলটোৰ সৈতে জড়িত লোকসকলে মুহূৰ্ততে মিলটোৰ যন্ত্ৰ-পাতি খুলি লৈ পলায়ন কৰে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :