আজি ৰাণাদাৰ জন্মদিন


20/09/2022 14:17:17 PM   Moutushi         128







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
আজি ৰাণাদাৰ জন্মদিন। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৰাণাদাৰ জন্মদিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হৈছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে আকৌ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীও।

এটা সাংগীতিক পৰিয়ালত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই তেওঁৰ ভাতৃ ড০ ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা আদিৰ দৰে মহান শিল্পীৰ সানিধ্যত শৈশৱৰে পৰা সংগীত চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা জয়ন্ত হাজৰিকাই সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অসমীয়া আধুনিক সংগীতত এক নিজস্ব শৈলী।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :