বকোত ৩ ৰাভা সংগঠনৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি


20/09/2022 14:23:10 PM   Moutushi         129







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কামৰূপ জিলাৰ বকোত অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে তিনি ৰাভা সংগঠনৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলিছে।

৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ ক্ৰমে- ১৫ সংখ্যক দ্বি-বাৰ্ষিক, ১২ সংখ্যক দ্বি-বাৰ্ষিক, ১৪ সংখ্যক দ্বি-বাৰ্ষিক, ১১সংখ্যক দ্বি-বাৰ্ষিক আৰু পঞ্চম ত্ৰি-বাৰ্ষিক অধিৱেশন সাফল্য মণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে সোমবাৰে এটা কাৰ্যালয় মুকলি কৰে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :