চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ


21/09/2022 14:18:08 PM   Moutushi         55







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে পুৱাতি নিশা ৰাইজে ২৮টাকৈ চোৰাং গো-ধন জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত বনগাঁৱবড়ী নামৰ গাঁৱখনৰ ৰাইজে এক গোপন সূত্ৰৰ পম খেদি গাঁৱখনৰ মাজেৰে মেঘালয় ৰাজ্যলৈ সৰবৰাহ কৰা চোৰাং গো-ধন ২৮ টা জব্দ কৰে । ৰাতিপুৱা বকো আৰক্ষীৰ দল এটাই গাঁৱখনত উপস্থিত হৈ চোৰাং গো-ধন কেইটা তিনিখন ডি আই গাড়ীৰে বকো থানালৈ কঢ়িয়াই আনিছে । গাঁৱখনৰ একাংশ ৰাইজে দাবী কৰা মতে গোৱালপাৰা জিলাৰ সাপ্তাহিক সোমবৰীয়া বজাৰপৰা চোৰাং গো-ধন সৰবৰাহ কৰা চক্ৰই গৰু মেঘালয় ৰাজ্যৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :