সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ নতুন সমিতি গঠন


21/09/2022 14:19:25 PM   Moutushi         105







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ শেহতীয়াকৈ হোৱা বাৰ্ষিক অধিবেশনৰ কাৰ্যনিৰ্বাহক বৈঠকত সন্মিলনৰ নতুন সমিতিখন গঠন কৰা হয় | যোৱা ১০ আৰু ১১ ছেপ্তেম্বৰত কটন বিশ্ববিদ্যালয়ৰ এলুমনি ভৱনত দুদিনীয়াকৈ আয়োজিত সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশনত হৰেন কলিতাৰ সভাপতিত্বত নতুন সমিতিখন গঠন কৰা হয় |

নৱকান্ত পাটগিৰি মুখ্য উপদেষ্টা হিচাবে থকা সমিতিখনৰ কাৰ্যকৰী সভাপতি ৰূপে নিৰ্বাচিত হয় নিতুল ডেকা আৰু প্ৰবিন দলৈ | ৰমেন চন্দ্ৰ পেগু সমিতিখনৰ সাধাৰণ সম্পাদক পদত অধিস্থিত হয় | নৱনিৰ্বাচিত সমিতি খনৰ কাৰ্যকৰী সভাপতি নিতুল ডেকাই জনোৱা অনুসৰি নতুন সমিতিখনৰ প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক অহা ডিচেম্বৰ মাহত কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত হ’ব |




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :