সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ ২০২৩ ৰ ব্যাপক প্ৰস্তুতি


22/09/2022 12:54:27 PM   Moutushi         80







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ অহা ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিল ধেমাজিত ৪দিনীয়া কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ'ব ৷ এই ঘোষণা সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপ-সমিতিৰে সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিৰ ৷

বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি আদৰণি সমিতিয়ে কয় যে, ধেমাজি জিলা মইনা পাৰিজাতৰ আহ্বান মৰ্মে বিগত ২০১৯ চনৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপ-সমিতিৰ সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলাৰ সময়তে ১৫ দিনমান বাকী থকাৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰবল আন্দোলনে সৃষ্টি কৰা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত সমাৰোহখন অনুষ্ঠিত কৰিব পৰা নহ'ল ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :