ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত কেৰিয়াৰৰ সফল সামৰণি ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ


25/09/2022 14:26:34 PM   Moutushi         216







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ, কেৰিয়াৰৰ অন্তিম খেলত জয় লাভ আৰু আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত ইংলেণ্ডক হুৱাইট ৱাশ্ব । এগৰাকী ক্ৰিকেটাৰে ইয়াতকৈ বেছি কি আশা কৰিব পাৰে নিজৰ খেলুৱৈ জীৱনৰ অন্তিম খন খেলত... এই সকলোৰে মাজতেই নিজৰ দুটা দশক জোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অভিজ্ঞ আৰু জ্যেষ্ঠ খেলুৱৈ ঝুলন গোস্বামীয়ে ।

ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা ঝুলন গোস্বামী হৈছে মহিলা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত সৰ্বাধিক উইকেট দখলকাৰী ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :