মন কী বাত'ত হেমকোষ ব্ৰেইলী সংস্কৰণ : জয়ন্ত বৰুৱাৰ এই সংবেদনশীল প্ৰয়াসৰ শলাগ ল'লে প্ৰধানমন্ত্ৰীয়ে


25/09/2022 14:32:09 PM   Moutushi         165







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতত সশ্ৰদ্ধাৰে সোঁৱৰিলে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক। প্ৰধানমন্ত্ৰী মোডীয়ে ১৯ শ শতিকাতে প্ৰকাশ কৰা হেমকোষৰ প্ৰসংগও উল্লেখ্য কৰে তেওঁৰ ভাষণত। লগতে মোডীয়ে এই অভিধানখনৰ ব্ৰেইলী সংস্কৰণৰ কথাও উল্লেখ কৰে মন কী বাতত।

প্ৰায় ১ লাখৰো অধিক শব্দ থকা অসমীয়া ভাষাৰ প্ৰথমখন অভিধান দৃষ্টিহীন লোকৰ বাবে ব্ৰেইলী সংস্কৰণত প্ৰকাশ কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ প্ৰশংসা কৰে।

দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰিছিল জয়ন্ত বৰুৱাই।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :