কোন হ'ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?


25/09/2022 14:42:49 PM   Moutushi         1145







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কংগ্ৰেছৰ সভাপতি দলৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতেই আজি অনুষ্ঠিত হ'ব কংগ্ৰেছৰ বিধায়নী দলৰ সভা । ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আজি সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত লোৱা হ'ব পাৰে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম । ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছৰ সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবেই তেওঁৰ স্থান গ্ৰহণ কৰিব আন কোনো নেতাই । ৰাজ্যসভাৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গে আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অজয় মাকেনকো এই বৈঠকৰ বাবে ৰাজস্থানত উপস্থিত হোৱা দেখা যায় ।

ছোনিয়া গান্ধীৰ সমৰ্থন লাভ কৰাৰ পাছত মনোনয়ন দাখিল কৰি কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত জয়ী হোৱাতো এক প্ৰকাৰ নিশ্চিত অশোক গেহলটৰ । তেনেস্থলত হাইকমাণ্ডে অতি সোনকালেই সিদ্ধান্ত ল'ব লাগিব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :