ভাৰতৰ পবিত্ৰ ভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে দালাই লামাইঃ ক'লে তেওঁৰ এয়া অন্তিম ইচ্ছা


25/09/2022 14:45:56 PM   Moutushi         420







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ক'বলৈ বিচৰা হৈছে দালাই লামাৰ কথা। সুদীৰ্ঘ সময় ধৰি ভাৰতৰ মাটিত বাস কৰি ভাৰতৰ পানী, বায়ু সেৱন কৰি জীৱন অতিবাহিত কৰা দালাই লামাই বিচাৰে তেওঁৰ মৃত্যু হওক ভাৰতৰ এই পবিত্ৰ ভূমিত। শনিবাৰে ধৰ্মগুৰুজনে এই কথা প্ৰকাশ কৰিছে।

দালাই লামাৰ মতে চীনত নাই আন্তৰিকতা। তাত সকলোতে কেৱল কৃত্ৰিমতা। সেয়ে তেওঁ ভাৰতৰ দৰে এখন ৰাষ্ট্ৰত শেষ নিশ্বাস ত্যাগ কৰিব পাৰিলে শান্তি পাব বুলি মন্তব্য কৰে। দুদিনীয়াকৈ ধৰ্মশালাত অনুষ্ঠিত হোৱা এক আলোচনা সভাত দলাই লামাই ভাৰত বন্দনাত মুখৰিত হৈ পৰে।

আমেৰিকাৰ এটা ব্যক্তিগত সংস্থাই অনুষ্ঠিত কৰা এই আলোচনা সভাতে তেওঁ কয় যে, স্বাধীন, গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতত তেওঁ মুক্ত মনেৰে প্ৰাণ ত্যাগ কৰিব বিচাৰে। তেওঁৰ মনৰ এই ইচ্ছাৰ কথা পূৰ্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ আগতো প্ৰকাশ কৰিছিল বুলি মন্তব্য কৰিছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :