কলিয়াবৰত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতা


29/09/2022 15:35:35 PM   Moutushi         4254







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত আৰু কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সহযোগত অহা ৮ আৰু ৯ অক্টোবৰত দুদিনীয়াকৈ সদৌ অসম ভিত্তিত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জনাইছে।


কুঁৱৰীটোলৰ মুক্তি যুঁজাৰু ভৱন প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনা পুৱা ১০ বজাত উদ্বোধন কৰিব বিশিষ্ট অভিনেতা উপকুল বৰদলৈয়ে।


প্ৰতিযোগিতাত ৰাজ্যৰ ২৩ খন জিলা মইনা পাৰিজাতে ২৩ খন নাট পৰিবেশন কৰিব । দ্বিতীয় দিনা বিয়লি বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মন্টু মণি দত্তই।


সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰাক্তন মইনা মণিমাধৱ মহন্তই।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :