জখলাবন্ধাত স্মাৰ্ট পুলিচৰ নমুনাঃ ৰেহাই মূল্য়ত সুৰা নিদিয়া ব্যৱসায়ীক আটক কৰি ধন দাবী


29/09/2022 15:36:56 PM   Moutushi         68







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

কলিয়াবৰৰ জখলাবন্ধাত এতিয়া স্মাৰ্ট পুলিচৰ নমুনাই ৰাইজক বেছ আমোদ দিয়া পৰিলক্ষিত হৈছে। ৰেহাই মূল্যত আৰক্ষীক সুৰা যোগান নধৰিলে সেই আৰক্ষীয়েই ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।


উল্লেখ্য যে, জখলাবন্ধা আৰক্ষী থানা এলেকাধীন একাংশ হোটেল, ধাবা আৰু পান দোকানত অবৈধ ভাবে সুৰা বিক্ৰী কৰাৰ বাবে আৰক্ষীক সুৰা বিক্ৰেতাই নিয়মিত ভাবে ধন আদায় দিয়াৰ লগতে ৰেহাই মূল্যত বিলাতী সুৰা অথবা বিয়েৰ যোগান ধৰিব লাগে। তাকে নকৰিলে তেনেবোৰ সুৰা আৰক্ষীয়ে জব্দ কৰি ব্যৱসায়ীৰ পৰা আৰক্ষীয়েই ধন দাবী কৰা এক নতুন পৰম্পৰা আৰম্ভ হৈছে কলিয়াবৰত ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :