11/10/2022 13:37:53 PM Moutushi 3967
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হ'ল মধ্য প্ৰাচ্যৰ লোককথাৰ বিখ্যাত চৰিত্ৰ আলাদিনৰ ওপৰত ৰচিত 'আলাদিন এণ্ড হিজ ৱণ্ডাৰফুল লেম্প' শীৰ্ষক নাটক খন । অসমীয়া নাট্যকাৰ লক্ষীনন্দন বৰুৱাৰ দ্বাৰা ৰচিত এই নাটক খন মঞ্চস্থ কৰাত নাট্যকাৰক সহায় কৰে বৰ্ষীয়ান অষ্ট্ৰেলিয়ান পৰিচালক গ্লেন টি হাইডেন আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰযোজক অঞ্জিল নাইডুৱে । লক্ষীনন্দন বৰুৱা আৰু হাইডেনৰ এইটো হৈছে তৃতীয়টো যুটীয়া প্ৰকল্প । ইয়াৰ পূৰ্বেও বৰুৱাই হাইডেনৰ বাবে ৰচনা কৰিছিল নাট ।
এই নাটক খনৰ সৈতে জড়িত আছে প্ৰায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ গৰাকী কলা-কুশলী আৰু ইয়াৰ আৱহ সংগীত তৈয়াৰ কৰিছে প্ৰনশন সিঙে