13/10/2022 18:34:35 PM Moutushi 74
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
গৰুৰ চোৰাং ব্যৱসায়ীৰে মিতিৰালি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে নগাঁৱৰ দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷ কলিয়াবৰ মহকুমাত কৰ্তব্যৰত দুই আৰক্ষী বিষয়াৰ নাম গৰুৰ চোৰাং ব্যৱসায়ৰে সাঙুৰ খোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
এই বিষয়া দুজনৰ নাম হৈছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷ চোৰাং গৰু ব্যৱসায়ীয়ে আৰক্ষী বিষয়া দুজনে মিতিৰালি কৰাৰ অভিযোগ উঠিছে যদিও তদন্তকাৰী বিষয়াই কোনো নিশ্চিত তথ্য বৰ্তমানলৈকে লাভ কৰা নাই ৷
এই ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত গৰুৰ চোৰাং ব্যৱসায়ীৰে কোনো আৰক্ষী বিষয়া জড়িত হোৱাৰ নিশ্চিত তথ্য তদন্তৰ সময়ত লাভ কৰিলে ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰে ৷