দেশত কেৱল ৰাহুল গান্ধীৰ নেতৃত্বতহে বিজেপি মুক্ত চৰকাৰ সম্ভৱ: কংগ্ৰেছ সভাপতি


02/11/2022 11:16:28 AM   Moutushi         5774







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৰ্তমান দেশজুৰি চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালিকাৰ্জুন খাৰ্গে মঙলবাৰে হায়দৰাবাদত এই অভিযানত অংশগ্ৰহণ কৰে।

এক সমাৱেশত ভাষণ দি তেওঁ শাসকীয় তেলেংগানাৰ শাসনাধিষ্ঠ চৰকাৰখনক লৈ মন্তব্য কৰে লগতে বিজেপিৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা যায়।

খাৰ্গে কয় যে ,‘যেতিয়াই আমি সংসদত যিকোনো বিধেয়কৰ বিৰোধিতা কৰিছিলো তেতিয়াই টি আৰ এছয়ে( তেলেংগনা ৰাষ্ট্ৰ সমিতি) বিজেপিক সমৰ্থন কৰিছিল। কিন্তু তাৰপাছতো তেওঁলোকে বিজেপি মুক্ত চৰকাৰ আনিম বুলি কয়। যদি কোনোবাই বিজেপি মুক্ত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে সেয়া কেৱল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সম্ভৱ''।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :