04/11/2022 12:38:15 PM Moutushi 3387
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৃহস্পতিবাৰে “ইতি বনলতা “ ই মুগ্ধ কৰিলে দৰ্শকক ৷ নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া দীপক বৰাৰ ব্যৱস্থাপনা,পৰিকল্পনা আৰু পৰিচালনাৰ কাহিনীসমৃদ্ধ "ইতি বনলতা" নামৰ নাটক খনি মঞ্চস্হ হয় ৷
সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ বিধৱা মহিলা ইতি বৰুৱা ৷ ইতি বৰুৱাৰ নিসংগ জীৱনৰ বিপৰিতে এজনী বনকৰা গাভৰু ছোৱালী বনলতাৰ দুৰ্বিসহ জীৱনৰ কৰুণ গাঠা সুন্দৰ ভাবে নাটকখনৰ জৰিয়তে নাট্যকাৰে উপস্হাপন কৰিছে ৷
চৰিত্ৰ দুটি নাট্যকাৰে সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰাটো স্পষ্ট হৈছে ।দুই অভিনেত্ৰীয়ে দৰ্শকক আপ্লুত কৰি ৰাখিবলৈ সক্ষম হয় ৷
নাটকখনিত ইতি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে পূৰবী শইকীয়াই ৷ বনলতাৰ চৰিত্ৰত সুস্মিতা শইকীয়া ৷ দুয়োগৰাকীৰ অভিনয় আছিল শক্তিশালী ৷