যাত্ৰীবাহী ট্ৰেভেলাৰত চোৰাং গৰু সৰবৰাহ: এজনক কৰায়ত্ব


10/11/2022 14:15:35 PM   Moutushi         57







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ

নগাঁৱত গৰু চোৰাং ব্যৱসায়ীয়ে ব্যাপক হাৰত অবাধে চলাই আহিছে চোৰাং ব্যৱসায় ৷ আৰক্ষী যিমানে সক্ৰিয় হৈছে সিমানে গৰুৰ চোৰাং ব্যৱসায়ীয়ে কৌশল সলনি কৰি ব্যৱসায় চলাই আহিছে ৷


বুধবাৰে পুৱাতে ৰাইজে ঘাঁহীত গৰুৰ চোৰাং ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এখন জাইল’ জব্দ কৰি আৰক্ষীক গতাই দিয়াৰ পিছত সন্ধ্যা এখন ট্ৰেভেলাৰৰ সৈতে এজন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰে বৰঘাট আৰক্ষীয়ে ৷


এ এছ ০১ এফ চি ৬৩৬৭ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনত ১৭ টাকৈ গৰু লৈ যোৰাবাটলৈ লৈ গৈ থকাৰ সময়ত বৰঘাট পহৰা চকীৰ আৰক্ষীয়ে গাড়ীখন জব্দ কৰে ৷ আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত গাড়ী চালক জনে পলায়ন কৰে ৷ আৰক্ষীয়ে আখটাৰ উদ্দিন নামৰ এজন লোকক কৰায়ত্ব কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :