চীনক পিছ পেলাই সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত


12/11/2022 11:57:19 AM   Moutushi         3853







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
প্ৰকাশ পালে সংযুক্ত ৰাষ্ট্ৰৰ 'বিশ্ব জনসংখ্যা ২০২২ প্ৰতিবেদন' । এই প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰে ১৫ নৱেম্বৰত বিশ্ব জনসংখ্যাই স্পৰ্শ কৰিব ৮ বিলিয়ন । দিনক দিনে বৃদ্ধি পাই অহা জনসংখ্যাৰ ফলত সৃষ্টি হোৱা সকলো সমস্যাক যেন সম্পূৰ্ণৰূপে আওকাণ কৰিছে বিশ্ববাসীয়ে । ইয়াৰ ওপৰিও বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ সংহাৰৰ পাছতো জনসংখ্যাই ৮ বিলিয়ন স্পৰ্শ কৰিবলৈ ওলোৱাটো এক চিন্তনীয় বিষয় । আনহাতে, একেই প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০৩০ চনলৈ এই জনসংখ্যা বৃদ্ধি হৈ হ'বগৈ ৮.৫ বিলিয়ন আৰু ২০৫০ লৈ ৯.৭ বিলিয়নলৈ ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :