বঢ়মপুৰত ৰাস মহোৎসৱ


15/11/2022 13:58:28 PM   Moutushi         422







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নব্য চিন্তা আৰু ন- কৌশলেৰে জাগৰণ সচেতন নাগৰিক মঞ্চৰ " সমন্বয় ৰাস " বঢ়মপুৰত অনুষ্ঠিত হ'ব। বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰিয় কলা-কুশলী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অহা ইংৰাজী ২৭ নৱেম্বৰ দেওবাৰে উদ্‌যাপন কৰা হ'ব।

বিগত বৰ্ষসমূহত দ্বিতীয় বৃন্দাবনসদৃশ নৈসর্গিক পৰিবেশেৰে সজাই-পৰাই তোলা ৰাস উৎসৱস্থলীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে ৰাসখনিত কৃষ্ণৰ জন্মৰ পৰা ভিন্ন কাল পৰিবেশন কৰি আহিছে।এইবছৰো অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে এজোপা ৰাধাচূড়া গছৰ তলত আটকধুনীয়া মঞ্চ তৈয়াৰ কৰি সমন্বয় ৰাসখনে শ্ৰীকৃষ্ণৰ লগতে শংখচূড়ৰ ব্যতিক্রমী আৰু আকর্ষণীয় সাজ- পোছাকত নতুনত্বৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি সম্পাদক বিমল বৰাই মন্তব্য আগবঢ়ায়




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :