ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: ইতিহাস আৰু তাৎপৰ্য


16/11/2022 17:06:27 PM   Moutushi         3042







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
১৬ নৱেম্বৰ, বুধবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে।

এই বিশেষ দিনটোৰ পৰাই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে।

ইতিহাসঃ ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ প্ৰথম প্ৰেছ আয়োগে এখন প্ৰেছ কাউন্সি গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হয়। এই কাউন্সিল ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :