মহেন্দ্ৰ সিং ধোনি আকৌ ঘূৰি আহিব ভাৰতীয় ক্ৰিকেটলৈ


17/11/2022 13:46:34 PM   Moutushi         211







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
 টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত চূড়ান্ত ৰূপত ব্যৰ্থ হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা ভাৰতীয় ক্ৰিকেট দলটোকলৈ চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড। কিয়নো সন্মুখত আছে এদিনীয়া বিশ্বকাপ।

ভাৰতৰ মাটিত ২০২৩ ত অনুষ্ঠিত হ'ব বিশ্বকাপ প্ৰতিযোগিতাখন। ইয়াৰোপৰি টি-২০ ত ভাৰতীয় দলটোক অধিক শক্তিশালী কৰি তুলিবলৈও বি চি চি আইয়ে প্ৰচেষ্টা হাতত লৈছে।

সেই প্ৰচেষ্টাৰ অংশ হিচাপেই এইবাৰ বি চি চি আই কাষ চাপিছে ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ। বি চি চি আইয়ে ধোনিৰ মাজতেই বিচাৰি পাইছে ভাৰতীয় ক্ৰিকেট দলটোৰ ভৱিষ্যতৰ সফলতা।

সেয়েহে ধোনিক ভাৰতীয় দলটোৰ গুৰু দায়িত্ব দিবলৈ চিন্তা চৰ্চা কৰা বুলিও খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি কেপ্টেইন কুল ধোনিক টি-২০ দলটোৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ মন মেলিছে বি চি চি আইয়ে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :