শিৱসাগৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ ১১১ গৰাকী সাংবাদিকক সম্বৰ্ধনা


17/11/2022 14:02:25 PM   Moutushi         2869







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
'ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম ৷ দেশ বা ৰাষ্ট্ৰ গঠনত সাধাৰণ জনতা জড়িত হ'বই লাগিব ৷ ইতিহাসৰ পাতে পাতে জিলিকি আছে সংবাদ মাধ্যমে শক্তিশালী চৰকাৰ উৎখাত কৰি দিয়াৰ অনেক নজিৰ ৷

সংবাদ মাধ্যমে জন সচেতনতা সৃষ্টিৰে সদায়েই গণতন্ত্ৰক শক্তিশালী কৰি আহিছে৷ সংবাদ মাধ্যমে অন্যায়, অবিচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে সৱল জনমত প্ৰতিস্থা কৰে৷''

শিৱসাগৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সংস্থা, জিলা বাৰ্তাজীৱী সংঘ, ই মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন তথা জিলা তথ্য জন সংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে স্থানীয় যুৱদলত আয়োজিত কেন্দ্ৰীয় অনুস্থানত "ৰাষ্ট্ৰ নিৰ্মাণত প্ৰচাৰ মাধ্যমৰ ভূমিকা " শীৰ্ষক বিষয়ত মূল বক্তা হিচাবে বীৰংগনা সতী সাধনী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ড° জ্যোতি প্ৰসাদ শইকীয়াই এনেদৰে কয় ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :