ৰাজ্যিক কেবিনেটৰ বৈঠকঃ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ


17/11/2022 14:10:06 PM   Moutushi         2873







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ পুনৰ গঠন কৰা হ'ব।

অসম আৰক্ষীৰ আইনৰ ধাৰা ১১ (৫) ৰ অধীনত গঠন হ'বলগীয়া সমিতিখনে সংশ্লিষ্ট থানাৰ বাবে সামুহিক যোগাযোগ গোট হিচাপে কাম কৰিব। এই সমিতিখনৰ অধ্যক্ষক ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰিব। সদস্য সচিব হিচাপে থাকিব আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। পদেন সদস্য হিচাপে থাকিব চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, স্বাস্থ্য, আবকাৰী, সমাজ কল্যাণ, লোক নিৰ্মাণ আদিৰ জ্যেষ্ঠতম বিষয়া।

আনহাতে সদস্য হিচাপে থাকিব পৌৰ নিগম/পৰিষদৰ (গুৱাহাটীৰ বাহিৰত) অধ্যক্ষ বা ৱাৰ্ড কমিছনাৰ (গুৱাহাটীত), উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠতম জন প্রতিনিধি। অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা মর্মে উপায়ুক্তৰ দ্বাৰা মনোনীত এগৰাকী সদস্য আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা মনোনীত ৩ গৰাকী সদস্য থাকিব।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :