গহপুৰত ৰাষ্ট্ৰীয় প্ৰেছ-দিৱস পালনঃ ভুৱন শইকীয়ালৈ বিশেষ সন্মান


17/11/2022 14:20:56 PM   Moutushi         2870







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
গণতন্ত্ৰত চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। উপযুক্ত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ আন তিনিটা স্তম্ভ বিধান মণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ পিছতে সংবাদ মাধ্যমে চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সমতা ৰক্ষা কৰি আহিছে। সংবাদ মাধ্যমৰ বাহিৰে বাকী তিনিটা স্তম্ভই জনসাধাৰণৰ লগত প্ৰত্যক্ষ ভাবে যোগাযোগ ৰক্ষা কৰিব নোৱাৰে।সেইবাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু দায়িত্ব অপৰিসীম।"

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য-জনসংযোগ বিভাগৰ সহযোগত আজি গহপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২২ৰ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ডঃ অঞ্জন কুমাৰ ওজাই। গহপুৰ মহকুমাৰ নিৰ্বাচনী বিষয়া পূজা পুনম গগৈয়ে আঁতধৰা সভাখনত ভাষণ প্ৰদান কৰি তেওঁ আৰু কয় যে, উপযুক্ত সমাজ গঠনত সাংবাদিক আৰু সংবাদ মাধ্যমৰ যথেষ্ট গুৰু দায়িত্ব আছে আৰু সেই দায়িত্ব গহপুৰৰ সাংবাদিকসকলে নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :