বিধানসভাত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সমস্যা উত্থাপন কৰিবলৈ বিধায়কক সাক্ষাৎ


17/11/2022 14:24:23 PM   Moutushi         3232







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ এটা সজাতী দলে গুৱাহাটীৰ দিছপুৰ বিধায়ক আৱাস ভৱনলৈ গৈ জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ কৰে। অহা ২০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধান সভাৰ বাজেট অধিবেশনত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ ন্যায়ৰ বাবে প্ৰশ্ন উত্থাপন কৰিবলৈ হাফিজ ৰফিকুল ইছলামক আহ্বান জনাই।

উল্লেখ্য যে, নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল আৰু টিউটৰসকল একে আইনৰ আওতাত থকাৰ পাছতো, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু টিউটৰসকলক সমহাৰত দৰমহা দিয়া নাই। আনহাতে চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰ পৰাহে দৰমহাৰ পাব বুলি চৰকাৰে ঘোষণা কৰা পাছত জাঙুৰ খাই উঠিছে সদৌ অসমৰ নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থা।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :