বিডিএফৰ বৰাক বন্ধৰ আহ্বানঃ বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগ


17/11/2022 14:25:47 PM   Moutushi         2872







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে ১৮ নৱেম্বৰত আহ্বান কৰা ১২ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰৰ বাবে আৰক্ষী প্ৰশাসনে ভাবুকি ভৰা জাননী প্ৰেৰণ কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে সংগঠনটো। বৰাকত চাকৰি প্ৰাৰ্থীসকলৰ বঞ্চনা আৰু মেঘালয়ত অ-জনজাতীয় লোকসকলৰ অপ্ৰৰোচিত আৰু নিৰন্তৰ অত্যাচাৰৰ বিৰুদ্ধে সংগঠনটোৱে আহ্বান কৰিছিল ১২ ঘণ্টীয়া বৰাক বন্ধ।

এক প্ৰেছ বিবৃতিত বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে কয় যে, বিগত ১০ নৱেম্বৰত সংগঠনটোৰ দাবীসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথা অসম চৰকাৰক অৱগত কৰিছিল। সেই দাবী ৭ দিনৰ ভিতৰত মানি নললে ১৮ নৱেম্বৰত বৰাক বন্ধ ঘোষণা কৰা হব বুলি উল্লেখ কৰি এই বন্ধ বৰাক বাসীক পালন কৰিবলৈ কোৱা হৈছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :