আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত অভিনৱ শইকীয়াৰ সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ


19/11/2022 13:08:21 PM   Moutushi         235







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
 গুৱাহাটী সৰুসজাই ড° জাকিৰ হুছেইন ষ্টেডিয়ামত অনুষ্ঠিত হয় আন্তঃ বিদ্যালয়ৰ স্কুল ক্ৰীড়া প্ৰতিযোগিতা ২০২২ । সাঁতোৰৰ বিভিন্ন শিতান ফ্ৰীষ্টাইল, ব্ৰেষ্টট্ৰক আদি শাখাত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভিনৱ শইকীয়াই ক্ৰমে সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষত গোলাঘাট জিলা ক্ৰীড়া সংন্থাৰ দ্বাৰা আয়োজন কৰা গোলাঘাট জিলা আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাটো ছাত্ৰ জনে তিনিটা শিতানৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিওটাতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :