দলিত মহিলাই পানী খোৱাৰ বাবেই গো-মূত্ৰৰে বিশুদ্ধকৰণ কৰিলে পানী টেংকী


22/11/2022 13:47:06 PM   Moutushi         92







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
জাত-পাতৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই সমাজ। এতিয়াও উচ্চ-নিচ বাচ-বিচাৰ কৰি সমাজত এচাম লোকে সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।

এনে তথাকথিত এচাম উচ্চ বৰ্ণৰ লোকে শেহতীয়াকৈ এগৰাকী মহিলাৰ লগত সংঘটিত কৰা কাৰ্যই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী দলিত মহিলাই নলৰ পৰা পানী সংগ্ৰহ কৰাৰ বাবেই এটা টংকীৰ পানী উলিয়াই গো-মূত্ৰৰে বিশুদ্ধকৰণ কৰা কাৰ্য সংঘটিত হৈছে।

কৰ্ণাটকৰ চামৰাজনগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। যোৱা ১৮ নৱেম্বৰৰ ঘটনা এয়া। চামাৰাজনগৰ জিলাৰ হেগগোটাৰা গাঁৱত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এগৰাকী অনুসূচীত জাতিৰ মহিলা।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :