খেল পথাৰ এৰি কাশীধাম পালেগৈ কিং কোহলি


22/11/2022 13:50:52 PM   Moutushi         256







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দীৰ্ঘ দিন ধৰি চৰম বিফলতাৰ মাজেৰে পাৰ হোৱা বিৰাট কোহলিৰ ভাল দিন আকৌ ঘূৰি আহিল। সমালোচনা আৰু অনিশ্চিত ক্ৰিকেট কেৰিয়াৰক লৈ চিন্তিত কোহলিয়ে শক্তিশালী মনোবল, দৃঢ়তা আৰু পৰিশ্ৰমৰ বিনিময়ত পুনৰ ঘূৰাই পালে বেটিং ছন্দ।

যাৰ বাবে সদ্য সমাপ্ত টি-২০ বিশ্বকাপত কোহলিয়ে পুনৰ বাৰ নিজকে ৰাণ মেচিন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। প্ৰতিযোগিতাখনত বিৰাটৰ বেটৰ পৰা আহিল কেইটাবাও অৰ্ধশতকীয় ইনিংছ।

বহুতৰ মতে আকৌ কোহলি এই বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলিলে জীৱনৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ। পৰাজয় নিশ্চিত হৈ থকা ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল কোহলি।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :