22/11/2022 13:57:23 PM Moutushi 63
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসম-মেঘালয়ত পুনৰ উত্তেজনা। দুই ৰাজ্যৰ সীমান্ত অঞ্চল মুক্ৰ'ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষী আৰু বনৰক্ষীৰে মেঘালয়ৰ দুৰ্বৃত্তৰ সংঘৰ্ষৰ ফলত এই পৰ্যন্ত নিহত হৈছে ৩ জনকৈ লোক।
যাৰ ভিতৰত আছে এগৰাকী বনকৰ্মীও। ঘটনাৰ প্ৰাথমিক তথ্য অনুসৰি অসমৰ বনাঞ্চল ধ্বংস কৰি চোৰাং ভাৱে কাথ সৰবৰাহ কৰি আহিছে।
এনে চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে এই ঘটনা সংঘটিত হৈছে। দুই পক্ষৰ মাজত সংঘটিত হোৱা গুলীগুলিৰ ঘটনাত মেঘালয়ৰ দুই দুৰ্বৃত্ত নিহত হোৱাৰ লগতে বনৰক্ষী বিদ্যাছিং লেকথে নিহত হৈছে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীলৈ অসম আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।