ধেমাজি জিলাৰ ৫ টা স্থানত একে সময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা


22/11/2022 13:58:35 PM   Moutushi         257







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
লাচিত বৰফুকনৰ জয়ন্তী উৎসৱৰ সোমবাৰে চতুৰ্থ দিনা ধেমাজি জিলাৰ ৫ খন উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ খন ঠাইত একেসময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ৰচি টনা, টেকেলি ভঙা আৰু পিচল খুঁটা বগুৱা আদি খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ধেমাজি আদৰ্শ হাইস্কুল, মাছখোৱাৰ বেঙেনাগড় হাইস্কুল, বৰদলনি উন্নয়নখণ্ডৰ অধীনৰ গোগামুখ ছোৱালী হাইস্কুল, চিচিবৰগাঁৱৰ নিলখ হাইস্কুল আৰু টেলাম ট্ৰাইবেল হাইস্কুল খেলপথাৰত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ ৰাইজৰ ব্যাপক সহাৰি পৰিলক্ষিত হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :