মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি


22/11/2022 13:59:30 PM   Moutushi         262







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসম ক্ৰিকেট সন্থাৰ পৰৱৰ্তী সভাপতি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ। অসম ক্ৰিকেট সন্থাৰ আগন্তুক ২০২৩-২৫ কাৰ্যকালৰ বাবে অহা ২৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অৱশেষত এই নিৰ্বাচন বাতিল হৈছে।

নিৰ্বাচনৰ বাবে ২১ নৱেম্বৰ মনোনয় পত্ৰৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল আৰু ২২ নৱেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল। সন্থাৰ সভাপতি পদৰ বাবে নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তৰংগ গগৈয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি পূৰ্বৰে পৰা প্ৰচাৰ চলি আহিছিল।

বিধায়ক গগৈয়ে গৃহ জিলাৰ পৰিৱৰ্তেগুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিনিধি হিচাপে এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। সভাপতি পদৰ বাবে গগৈয়ে মনোনয়ন দাখিল কৰে যদিও তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়পত্ৰ দাখিল নকৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :