কামৰূপ এক্সপ্ৰেছত অঘটনঃ যাত্ৰীক চাহ খোৱাই লুটিলে সোণৰ অলংকাৰ


22/11/2022 14:00:15 PM   Moutushi         90







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সোমবাৰে কামৰূপ এক্সপ্ৰেছ ৰে'লত যাত্ৰা কৰা এগৰাকী যাত্ৰীক নিচাযুক্ত সামগ্ৰী খোৱাই সৰ্বস্ব লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ বাসিন্দা বিমল সৰকাৰ (৫২) আজি নিউ কোচবিহাৰ ৰে'ল ষ্টেচনৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰে'লযোগে আহি থকাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে কৌশলপূৰ্ণ ভাৱে নিচাযুক্ত দ্ৰব্য মিলোৱা চাহ খুৱাই দিয়ে।

ৰে'লখনে আলিপুৰদুৱাৰ ষ্টেচন অতিক্ৰম কৰাৰ পিছতে বিমল সৰকাৰ সংজ্ঞা হেৰুৱাই পেলায়। তাৰ পিছতে দুৰ্বৃত্তৰ দলে বিমল সৰকাৰৰ হাতৰ দুটা সোণৰ আঙুঠি, মোবাইল ফোনটো লৈ গুছি যায় ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :