মই মোৰ পত্নীক হত্যা কৰিছো আৰক্ষীলৈ এটা ফোন আৰু পাছত


23/11/2022 14:09:52 PM   Moutushi         594







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এটা ফোনে বিপাঙত পেলাইছে আৰক্ষীক। দিল্লী আৰক্ষীয়ে মঙলবাৰে পুৱা এজন মানুহৰ পৰা ফোন পাইছিল। তেওঁ কৈছিল যে তেওঁ তেওঁৰ পত্নীক হত্যা কৰিছে।

আৰক্ষীয়ে প্ৰথমতে কথাতো বিশ্বাস কৰা নাছিল। কিন্তু সেই ফোনৰ আঁত ধৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এগৰাকী মহিলাক মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।

মহিলাগৰাকীক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।

দিল্লীৰ হৰ্ষ বিহাৰৰ আৰক্ষীয়ে পুৱা ৮.১০ বজাত এই ফোনটো পাইছিল। আৰক্ষীক ফোন কৰা যুৱকজনৰ নাম যোগেশ কুমাৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে যোগেশক গ্ৰেপ্তাৰ কৰিছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :