অমৃত নাৰায়ণ পাটগিৰিৰ কোচ-ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' উন্মোচন


23/11/2022 14:55:09 PM   Moutushi         88







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বাসুগাঁও শাখা সাহিত্য সভা ভৱনত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা গল্পকাৰ অমৃত নাৰায়ণ পাটগিৰিৰ ৰচিত প্ৰথমখন কোচ ৰাজবংশী ভাষাৰ গল্প সংকলন 'কাশীয়া ফুলেৰ ঢেউ' নামৰ পুথি উন্মোচন কৰা হয় । বিশিষ্ট শিক্ষাবিদ প্ৰমোদ শৰ্মা দেৱৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিক,গল্পকাৰ অমৃত নাৰায়ণ পাটগিৰিয়ে প্ৰথমবাৰৰ বাবে লিখি উলিওৱা কোচ ৰাজবংশী ভাষাত ২৫ টাকৈ চুটি গল্পৰ সংকলন 'কাশীয়া ফুলেৰ ঢেউ' পুথিখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ৰায়ে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :