ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফ-বি জি বিৰ মাজত প্ৰীতি ভলীবল প্ৰতিযোগিতা


23/11/2022 15:01:43 PM   Moutushi         232







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সাহাপাৰা বি এছ এফ কেম্প পাৰ্শ্বৱৰ্তী কাঁইটীয়া তাঁৰৰ সিপাৰে থকা বাংলাদেশৰ ভূমি চৰ নতুন বন্দৰত মঙলবাৰে বিয়লি উভয় দেশৰ বি এছ এফ আৰু বি জি বিৰ মাজত এক প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন আন্তৰাষ্ট্ৰীয় সীমান্তত বি এছ এফে অন্য দেশৰ সুৰক্ষা বাহিনীৰ সৈতে বন্ধুতৰ সম্পৰ্ক গঢ়ি তুলি সীমান্তৰ অপৰাধ দমনৰ বাবে মৈত্ৰী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই মৈত্ৰী কাৰ্যসূচীৰ অংশ হিচাপে আজি মানকাচৰৰ পাৰ্শ্বৱৰ্তী কাঁইটীয়া তাঁৰৰ সিপাৰে বাংলাদেশৰ ভূমিত দুই দেশৰ বি এছ এফ আৰু বি জি বিৰ মাজত প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :