নগাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ


23/11/2022 15:18:44 PM   Moutushi         61







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এক্সছেচ ডেপলপমেণ্ড ছাৰ্ভিছেছৰ উদ্যোগত আৰু মাষ্টাৰ কাৰ্ড ফাউণ্ডেশ্যনৰ সহযোগত মঙলবাৰে নগাঁও নতুন বজাৰস্থ বিদিশা হোটেলত এখন এদিনীয়া কৃষকৰ কৰ্মশালা অনুষ্ঠিত কৰে। উক্ত কৰ্মশালাত নগাঁও জিলাৰ ৭ টা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যন চমুকৈ (এফ পি অ)ৰ ৫০ গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে গাইড বুক প্ৰদান কৰে।

প্ৰশিক্ষণত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যনৰ অধিনস্থ কৃষক সকলে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ সুবিধা, প্ৰকৃত মূল্য লাভৰ ব্যৱস্থা, আৰু কৃষি সামগ্ৰীৰ ব্যৱসায় বাবে ঋণৰ ব্যৱস্থা কেনেদৰে লাভ কৰিব পাৰিব তাৰ ওপৰত বিতংকৈ আলোচনা কৰে। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে ফাৰ্মাৰ প্ৰডিওচাৰ অৰ্গেনাইশ্যনৰ জেষ্ঠ্য প্ৰবন্ধক ড০ ৰিংকু দাস আৰু প্ৰবন্ধক প্ৰদীপ পাৰমাণিক উপস্থিত থাকে। শিবিৰত নগাঁৱৰ কেইবজনো স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষকে অংশ গ্ৰহণ কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :