চমুৱা গাঁৱৰ প্ৰাক্তন শিক্ষক,সমাজকৰ্মী ডিম্বেশ্বৰ বৰ্মনৰ বিয়োগ


23/11/2022 15:20:34 PM   Moutushi         62







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী চমুৱাগাঁৱৰ প্ৰাক্তন শিক্ষক,পাঠেক,আদৰ্শ কৃষক ডিম্বেশ্বৰ বৰ্মন (৮৯)ৰ মঙলবাৰে পুৱা প্ৰায় ১০ বজাত নিজা বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । কুঁজীডাঁহৰ জয়ধন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিন বিনা বেতনে শিক্ষকতা কৰা প্ৰয়াত বৰ্মন অঞ্চলটোৰ নামঘৰ,স্কুল আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

নিজকে কৃষি কাৰ্যত মনোনিবেশ কৰিবলৈকে শিক্ষকতাৰ বৃত্তি ত্যাগ কৰা সৰবৰহী ব্যক্তিগৰাকীয়ে পৰৱৰ্তী সময়ত নিজকে এগৰাকী সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও দুই পুত্ৰ, দুগৰাকী জীয়ৰী, নাতি-নাতিনী আদিক এৰি থৈ যায় । দুপৰীয়া চমুৱাগাঁৱৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :