মাছমৰীয়াৰ প্ৰতিবাদত আদানিৰ প্ৰকল্পৰ কাম স্থগিত


24/11/2022 12:45:40 PM   Moutushi         87







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ভাৰতৰ ধনাঢ্য ব্যক্তি গৌতম আদানিৰ জাহাজ বন্দৰ প্ৰকল্প নিৰ্মাণত বাধা একাংশ মাছৰীয়াৰ। আদানিৰ ভিজিঞ্জাম বন্দৰৰ মুখ্যদ্বাৰত একাংশ মাছমৰীয়াই সকলে প্ৰতিবাদ কৰে।

জানিব পৰা মতে খ্ৰীষ্টান ধৰ্মালম্বী একাংশ মাছমৰীয়াই আদানিৰ নিৰ্মিয়মান প্ৰকল্পটোৰ কাম -কাজত বাধা আৰোপ কৰে। যাৰ ফলত নিৰ্মাণ কাৰ্য স্থগিত ৰাখিবলগীয়া হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰী সকলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদী কাৰ্যসূচী চলাই যোৱাৰ কথা উল্লেখ কৰে।

অন্যহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক প্ৰতিবাদ বন্ধ কৰিবলৈ কয় কিন্তু প্ৰতিবাদকাৰী সকলে আৰক্ষীক প্ৰতিবাদী কাৰ্যসূচী অৱ্যহত ৰখাৰ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :