মেট্ৰ' প্ৰকল্পই নি:শেষ কৰি অনা আৰে অৰণ্যক জীয়াই ৰখাৰ শেষ প্ৰচেষ্টা প্ৰমিলাৰ


24/11/2022 12:47:33 PM   Moutushi         96







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
আমেৰিকাৰ নিউ ইয়ৰ্ক চহৰৰ বিশাল চেন্ট্ৰেল পাৰ্কতকৈও চাৰি গুণ বৃহৎ এক অৰণ্য লুকাই আছে মায়ানগৰী মুম্বাইৰ বুকুত । এই অৰণ্যখনতেই বহু দশকৰ পৰাই সহবাস কৰি আহিছে হ্ৰিংস্ৰ নাহৰফুটুকী বাঘ আৰু বহু কেইটা জনগোষ্ঠীৰ লোকে । কিন্তু নৱ্য উদাৰবাদৰ কবলত পৰা দেশৰ পূঁজিপতিৰ দৃষ্টিৰ পৰা সাৰি নগ'ল এই অৰণ্যখনো । আৰে নামৰ অৰণ্যখন এতিয়া মুম্বাই মেট্ৰ' প্ৰকল্পৰ কোপদৃষ্টিত । মহানগৰ সম্প্ৰসাৰণৰ লক্ষ্যেৰে এফালৰ পৰা নি:শেষ কৰি অনা হৈছে আৰে অৰণ্য ।

কিন্তু প্ৰশাসনৰ এই লোলোপ দৃষ্টিৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে পৰিৱেশ কৰ্মীৰ এটি দলে । আৰে অৰণ্যৰ সভাপতি প্ৰমিলা ভইৰ নেতৃত্বত এদল মহিলাই সকলো সময়তেই সুৰক্ষা দি আহিছে অৰণ্যখনক । এই অৰণ্যখনেই হৈছে প্ৰমিলাৰ সৈতে আন ৮ হেজাৰ লোকৰ বাসগৃহ । ইয়াৰ ওপৰিও বিলুপ্তপ্ৰায় নাহৰফুটুকী বাঘৰো বিচৰণস্থলী এই অৰণ্যখন । তেনেস্থলত মেট্ৰ' প্ৰকল্পৰ নামত অৰণ্যখন ধ্বংস কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে মুম্বাই পৌৰ নিগম ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :