লামডিঙৰ কুখ্যাত ড্ৰাগছ বেপাৰী সহ দুজন আৰক্ষীৰ জালত


24/11/2022 13:42:55 PM   Moutushi         61







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰেল নগৰী লামডিং চহৰখনক ড্ৰাগছ মুক্ত কৰা অভিযানত দিনে নিশাই লামডিং আৰক্ষীয়ে চলাইছে অভিযান ৷ লামডিঙৰ অলিয়ে গলিয়ে ড্ৰাগছৰ প্ৰতি আসক্ত পৰা বহু যুৱক তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা ৷

ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত বুধবাৰে অভিযান চলাই ব্ৰাউন ছুগাৰসহ তিনিজন ব্যক্তিক আটক কৰে ৷ এক গোপন সূএৰ ওপৰত ভিত্তি কৰি লামডিং আৰক্ষীয়ে লামডিঙৰ ক্ৰচিংগেট বজাৰৰ সমীপত নিশা অভিযান চলাই ১১.৪৫ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ৷ আনফালে ড্ৰাগছখিনি সৰবৰাহ কৰা লামডিঙৰ নিৱাসী তথা কুখ্যাত ব্যৱসায়ী দেৱাষিস আচাৰ্য ওৰফে হাবুল, বিজু দাস আৰু সমৰ দাস নামৰ তিনিজন যুৱকক আটক কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :