বিয়া কৰাই ঘৰ ত্যাগ! ৩ বছৰে পুত্ৰক বিচাৰি অৱশেষত মৃত্যু বৃদ্ধ পিতৃৰ


24/11/2022 13:44:05 PM   Moutushi         61







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নগাঁও জিলাৰ দক্ষিণপাট সত্ৰৰ এজন বৃদ্ধৰ মৃত্যুৰ সময়ত হোৱা এক কৰুণ কাহিনীয়ে সমগ্ৰ অঞ্চলজুৰি চৰ্চিত হৈ পৰিছে। দক্ষিণপাট সত্ৰৰ লোচন শইকীয়া আৰু লিলি শইকীয়াৰ একমাত্ৰ পুত্ৰ হৈছে তুলসী শইকীয়া ওৰফে শংকৰ। তুলসী শইকীয়াই তিনি বছৰ পূৰ্বে পিতৃ মাতৃৰ অমতত বিবাহ পাশত আৱদ্ধ হৈ ঘৰৰ পৰা ওলাই যায়।

একমাত্ৰ পুত্ৰ ওলাই যোৱাৰ পাছত বৃদ্ধ, দৰিদ্ৰ পিতৃ মাতৃয়ে বহু ঠাইত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱশেষত ওচৰ চুবুৰীয়া সহায়ত আৰক্ষীৰ কাষ চাপে। কিন্তু স্থানীয় কেইবাজনো ব্যক্তিয়ে তুলসী শইকীয়াক গুৱাহাটী লগ পাই পিতৃ মাতৃয়ে একমাত্ৰ পুত্ৰক বিচাৰি হাবাথুৰি খাই থকা অৱগত কৰে যদিও কঠোৰ, নিৰ্দয় পুত্ৰই আজিলৈকে নিজ ঘৰলৈ ঘুৰিটো নাহিল। ওলোটাই গাঁৱৰ চিনাকি মানুহে পুনৰ লগ পাব বুলি নিজৰ ঠিকনা সলনি কৰি পেলায়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :