নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন


24/11/2022 13:45:01 PM   Moutushi         87







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী বুধবাৰে সাংসদ গৌৰৱ গগৈ ফেন ক্লাব আৰু নগাঁও জিলা এন এচ ইউ আইৰ উদ্যোগত নগাঁৱত পালন কৰে। নগাঁও ছহীদ ভৱনৰ সম্মুখত অনুষ্ঠিত শ্ৰদ্ধঞ্জলী অনুষ্ঠানত তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গুণমুগ্ধই।

অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, নগাঁও জিলা কংগ্ৰছৰ সভাপতি সুৰেশ বৰা, সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামী, এন এচ ইউ আইৰ নগাঁও জিলা সমিতিৰ সভাপতি পল্লব জ্যোতি নাথ, উদযাপন সমিতিৰ সভাপতি কল্যাণ কলিতা আদিয়ে অংশগ্ৰহণ কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :