25/11/2022 12:47:30 PM Moutushi 38
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বিছলেৰী হৈছে সমগ্ৰ দেশৰ বিখ্যাত পানীৰ ব্ৰেণ্ডৰ নাম। অতি জনপ্ৰিয় আৰু জনসাধাৰণে ব্যৱহাৰ কৰা এই বিছলেৰী পানীৰ বটলৰ ব্ৰেণ্ড এতিয়া অন্য কোম্পানীৰ হাতত বিক্ৰী হোৱাৰ বাতৰি প্ৰকাশ পাইছে। খবৰ অনুসৰি টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ৬ ৰ পৰা ৭ হাজাৰ কোটি টকাত বিছলেৰীৰ ব্যৱসায় অধিগ্ৰহণ কৰিবলৈ গৈ আছে।
ইকনমিক টাইমছৰ বাতৰি অনুসৰি বিছলেৰী ইণ্টাৰনেচনেলৰ সঞ্চালক ৰমেশ জে চৌহানে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, টাটাই বিছলেৰী অধিগ্ৰহণৰ এই চুক্তিৰ বাবে যোৱা ২ বছৰ ধৰি আলোচনা চলাই আছিল। আমি টাটা গোটৰ সৈতে আলোচনা অব্যাহত ৰাখিছো। টাটাৰ উপৰিও আন কেইবাটাও কোম্পানীৰ সৈতে আলোচনা অব্যাহত আছে। এই মুহূৰ্তত বিছলেৰী টাটাই ক্ৰয় কৰা অথবা নকৰা বিষয়টো ৰাজহুৱা কৰিব পৰা অৱস্থাত নাই।